জাগা জননীৰ সন্তান

অষ্টম শ্রেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিৰ ৪ নং পাঠৰ প্ৰশ্নোত্তৰ ।

১. উত্তৰ দিয়া ।
ক. কবিয়ে কাক জাগি উঠিবলৈ কৈছে ? 
উত্তৰ :কবিয়ে জননীৰ সন্তানক জাগি উঠিবলৈ কৈছে । 
খ.দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে ? 
উত্তৰ : দুৰ্জ্জয় অভিযান বুলি বুজাইছে যে মৃত্যুলৈ ভয় নকৰি জয় জিনিব লাগে । 
গ. দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ? 
উত্তৰ : দুৰ্জ্জয় অভিযানেৰে মৃত্যুক নেওচি জয় কৰিবলৈকৈছে । 
ঘ. জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে ? 
উত্তৰ : জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে । 
ঙ."তথাপিও নাই ভয়" বুলি কিয় কৈছে ? 
উত্তৰ : "তথাপিও নাই ভয়"বুলি কোৱাৰ কাৰণ হ'ল আমি কাৰোলৈ ভয় নকঁৰো আৰু আমি দুৰ্বল নহয় । 
চ. কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ? 
উত্তৰ : শক্তিগায়ত্ৰীৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ।
ছ. আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে ? 
উত্তৰ : আপোন পাহৰা বীৰক দুম্মৰ্দ বীৰ বুলি আখ্যা দিছে । 
২. বাক্য ৰচনা কৰা । 
উত্তৰ : শক্তিমান = ৰমেন এটা শক্তিমান ল'ৰা । 
কাপুৰুষ = কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰে । 
অভিযান = হত্যাকাণ্ডৰ ওপৰত পুলিচে এটা অভিযান চলাইছে । 
৩. সন্ধি গঠন কৰা আৰু ভাঙা ।
উত্তৰ : দেৱ+অসুৰ=দেৱাসুৰ । 
কুশ+আসন=কুশাসন । 
বিদ্যা+অলংকাৰ=বিদ্যালংকাৰ ।
মুৰ+অৰি=মুৰাৰি ।
দশ+আনন=দশানন । 
মহা+অৰ্ণৱ=মহাৰ্ণৱ ।
মহৰ্ষি=মহা+ঋষি । 
নৰেন্দ্ৰ=নৰ+ইন্দ্ৰ ।
মনোহৰ=মনঃ+হৰ । 
মনোযোগ=মনঃ+যোগ ।
উল্লেখ=উৎ+লেখ ।
উজ্জ্বল=উৎ+জ্বল ।
নাৱিক=নৌ+ইক ।
দিগন্ত=দিগ+অন্ত । 
৪. বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা । 
উত্তৰ : মৃত্যু=জন্ম । 
          জয়=পৰাজয় । 
          কাপুৰুষ=নিৰ্ভীক । 
           ভয়=অভয় । 
            শত্ৰু=মিত্ৰ । 
            দুৰ্বল=শক্তিমান । 
৫. সমাৰ্থক শব্দ লিখা ।
উত্তৰ : মৃত্যু=মৰণ,দেহত্যাগ ।    জননী=মাতৃভূমি,জন্মদাত্ৰী।
সন্তান=পুত্ৰ । 
বীৰ=সাহসী । 
নিনাদ=চিঞৰ ।
৬. এটা শব্দত প্ৰকাশ কৰা । 
উত্তৰ : ক. সাহস নথকা মানুহ = কাপুৰুষ,ভীৰু । 
খ. জাকৈৰে মাছ ধৰা মানুহ = জাকৈয়া । 
গ. যাৰ শক্তি আছে = শক্তিমান । 
ঘ. যাক জিনিব নোৱাৰি = অজীণ ।
৭. তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা । 
উত্তৰ : দুৰ্বলতা = দুৰ্বল 
           দৰ্শন = দাৰ্শনিক
           দুখ = দুখীয়া 
           মানৱ = মানৱতা । 

      ____________________
  

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই