অন্যৰ প্ৰতি ব্যৱহাৰ

নৱম শ্রেণীৰ 'অসমীয়া সাহিত্য চয়নিকা (নতুন)'নামৰ পাঠ্যপুথিৰ  ৬ নং পাঠৰ প্ৰশ্নোত্তৰ ।
ভাব বিষয়ক : 
১.ক. 'সাৰথি'পুথিখন কাৰ ৰচনা ?
উত্তৰ : 'সাৰথি'পুথিখন সত্যনাথ বৰা দেৱৰ ৰচনা । 
খ. কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ? 
উত্তৰ : যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে,বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থকা হয়,সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি,সংসাৰ-যাত্ৰীয়ে ভালকৈ জনা উচিত । ইয়াক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় । 
গ. কোনটো শ্রেণীৰ মানুহৰ শত্ৰু সৰহ ? 
উত্তৰ : খিংখিঙীয়া স্বভাৱৰ মানুহৰ শত্ৰু সৰহ । 
ঘ. সজ ব্যৱহাৰৰ অনুপান কি ? 
উত্তৰ : সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা । 
ঙ. মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয় ? 
উত্তৰ : মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয় । 
চ. 'এই শ্রেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।'-----ইয়াত কোনটো শ্রেণীৰ মানুহৰ কথা কোৱা হৈছে ?
উত্তৰ : 'এই শ্রেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।'------ইয়াত যি আনৰ আৰু নিজৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে ,তেনেকুৱা শ্রেণীৰ মানুহৰ কথা কোৱা হৈছে । 
ছ. কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্রয় দিয়া হয় ? 
উত্তৰ : শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্রয় দিয়া হয় । 
জ. 'বহল ব্যাকৰণ'পুথিখন কাৰ ৰচনা ? 
উত্তৰ : 'বহল ব্যাকৰণ'পুথিখন সত্যনাথ বৰা দেৱৰ ৰচনা । 
২. চমুকৈ বুজাই লিখা :
ক. ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নালাগে ? উত্তৰ : যদি সংসাৰ-যাত্ৰীয়ে জীৱন-যাত্ৰাত ল'বলগীয়া ব্যৱহাৰ প্ৰণালীসমূহ ভালকৈ নাজানে । তেতিয়া ইয়াৰ নিমিত্তে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় । উদাহৰণস্বৰূপে,সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয় । অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা-গৰিহণাৰ ভাজন হয় । আকৌ অনেক কপটীয়া-ছলাহী মনুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায় । সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই নকৰি শিকিবলৈ আগ্ৰহী হ'ব লাগে । 
খ. বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে ? 
উত্তৰ : খিংখিঙীয়া স্বভাৱৰ মানুহে মনে জানি কাৰো অহিত নকৰিলেও,কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে ; সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায় । তিতা মুখে-মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে,অৰ্বুদ দানৰ ফল একে নিমিষতে লয় হয় । সেই দেখি বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে । 
৩. তাৎপৰ্য ব্যাখ্যা কৰা :
ক. নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।
উত্তৰ : নম্ৰতা সজ ব্যৱহাৰৰ অনুপান । উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে । সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয় । দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে,সেই দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত । বহুতে ভাৱে যে লোকৰ আগত নম্ৰ হ'লে নিজকে সৰু বা লঘু কৰা হয় । এই বিশ্বাস ভুল । নম্ৰতা ডাঙৰ আশয়ৰ চিন ; তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । নম্ৰতা এটা মনৰ গুণ,মিঠা মাত তাৰ ফল । মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হ'লে মানুহক ছল কৰা হয় । তেনেকুৱা আচৰণ অনুচিত ।
খ. সোণৰ জেউতি অমান্য কৰিলে নকমে । 
উত্তৰ : সোণ স্বাভাৱিকভাৱেই অতি উজ্জ্বল ধাতু । ইয়াৰ জেউতি নাই বুলি অমান্য কৰিলে সেই উজ্জ্বলতা বা জেউতি কেতিয়াও নাইকিয়া নহয় । ঠিক সেইদৰে প্ৰকৃততে মান্যৱন্ত মানুহক কোনোৱে অমান্য কৰি পুৰুষালি কৰা যেন অনুভৱ কৰিলেও তেওঁলোকৰ সেই মান্যতা নাইকিয়া নহয় । তেওঁলোকৰ মান সন্মানৰ মূল্য কমি নাযায় । বৰং অমান্য কৰি বৰ পুৰুষালি দেখুওৱা বুলি ভবা সকলেহে সমাজৰ চকুত বেছি নীচ বুলি পৰিচিত হয় । 
ভাষা-বিষয়ক :  
৪. বিপৰীতাৰ্থক শব্দ লিখা । 
উত্তৰচ : সুখ = দুখ,
      সন্তোষ = অসন্তোষ,
           সজ = অসজ,
         চৰিত্ৰৱন্ত = চৰিত্ৰহীন,
         কপটীয়া = উদাৰ,
             মিঠা = তিতা,
          বিনয় = উগ্ৰ,
           নম্ৰতা = উগ্ৰতা,
            লঘু = গুৰু,
           উচ্চ = নীচ,
            নিন্দা = প্ৰশংসা,
           গুপ্ত = প্ৰকাশ,
           দোষ = গুণ,
           গহীন = পাতল ,
          আঢ্যৱন্ত = দৰিদ্ৰ । 
৫.বাক্য ৰচনা কৰা : 
উত্তৰ : চকুৰ কুটা = খিংখিঙীয়া মানুহ কেৱল নিজৰ কঠুৱা মাতৰ কাৰণেই সকলোৰে বাবে চকুৰ কুটা যেন হৈ পৰে । 
পেটত কথা ৰাখ্ = পেটত কথা ৰাখিব নোৱাৰা মানুহৰ স্বভাৱ নিচেই পাতল ।
             

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই