Model question paper,2021
Model question paper,2021
Subject : Assamese
Class :8
Full marks : 25
1/উত্তৰ লিখা ।
ক. কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে ?
খ. পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল ?
গ. অ'ভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা ?
ঘ. গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল ?
ঙ. সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব ?
চ. সুগন্ধি কুসুম ক'ত ফুলে ?
ছ. কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব ?
জ. সমাজ কাৰ দ্বাৰা গঠিত হয় ?
ঝ. সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগিব ?
ঞ. 'দখনা' আৰু 'চৌবন্দী' মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?
ট. 'শিশু-লীলা'ত কাৰ কথা কোৱা হৈছে ?
ঠ. খেলি থকা সময়ত কৃষ্ণই কি খাইছিল ?
2/শব্দ অৰ্থ লিখা ।
প্ৰত্নতত্ত্ব , ভাস্কৰ্য , একদল , ফাৰিবো ।
3/বিপৰীত শব্দ লিখা ।
পৰিকল্পিত , দুৰ্বল , সুন্দৰী , আই ।
4/ বাক্য ৰচনা কৰা ।
ইতিহাস,নিৰ্মাণ,সুগন্ধি,ভৰ-পূৰ ।
5/ এটা শব্দত প্ৰকাশ কৰা ।
ক. প্ৰাচীন যুগৰ সম্পদসমুহৰ বিষয়ে কৰা অধ্যয়ন ।
খ. শিলত কটা শিল্প ।
6/ খালী অংশত শব্দ ভৰোৱা ।
যত গোপ শিশু বলাই আদি ।
সৱে ____ গৈয়া কৃষ্ণৰ ____॥
যশোদাৰ আগে দিলেক ____।
____ কৃষ্ণে মাটি একদল ॥
7/ প্ৰত্যয় ভাঙা ।
ঢুলীয়া , পাহাৰীয়া ।
______________________