এন্ ফ্ৰাঙ্কৰ ডায়েৰি

অষ্টম শ্রেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নং পাঠৰ প্ৰশ্নোত্তৰ । 
  
       এন্ ফ্ৰাঙ্কৰ ডায়েৰি 

১.পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা  । 
(ক) •জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল ? 
উত্তৰ : জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল । 
•এন্ ফ্ৰাঙ্কৰ দেউতাকৰ নাম কি আছিল ? 
উত্তৰ : এন্ ফ্ৰাঙ্কৰ দেউতাকৰ নাম অট'ফ্ৰাঙ্ক আছিল । 
•নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল ? 
উত্তৰ : নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল । 
•এন্ ফ্ৰাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল ? 
উত্তৰ : এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল । 
•দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি ? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল ? 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ'ল এডলফ হিটলাৰ । এই সেনাধ্যক্ষজনে ইহুদীসকলক বৰ্বৰ অত্যাচাৰ কৰিছিল । 
(খ) •এন্ ফ্ৰাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ? 
উত্তৰ : এন্ ফ্ৰাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰাৰ কাৰণ হ'ল তেওঁৰ কোনো বন্ধু নাছিল । 
•দিনলেখাসমূহ এন্ ফ্ৰাঙ্কে কিয় সম্পাদনা কৰিছিল ? 
উত্তৰ : এন্ ফ্ৰাঙ্কে লিখা ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিবলৈ দিনলেখাসমূহ সম্পাদনা কৰিছিল । 
•অট'ফ্ৰাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল ? 
উত্তৰ : অট'ফ্ৰাঙ্কে পৰিয়ালসহ নাজীবাহিনীৰ পৰা নিজকে আৰু পৰিয়ালটোক ৰক্ষা কৰিবলৈ পণ্যাগাৰত আত্মগোপন কৰি আছিল । 
(গ) 'মানুহতকৈ কাগজৰ ধৈৰ্য বেছি' বুলি এন্ ফ্ৰাঙ্কে উপলব্ধি কৰিছিল । কিয় ? বুজাই লিখা । 
উত্তৰ : 'মানুহতকৈ কাগজৰ ধৈৰ্য বেছি' বুলি এন্ ফ্ৰাঙ্কে সেইদিনা উপলব্ধি কৰিছিল,যিদিনা তেওঁৰ কৰিবলৈ কোনো কাম নথকাৰ বাবে হতাশাত ভুগিছিল । 
(ঘ) এন্ ফ্ৰাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল ? 
উত্তৰ : এন্ ফ্ৰাঙ্কে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰাৰ কাৰণ হ'ল তেওঁৰ এজন প্ৰকৃত বন্ধু নাছিল । যিজনৰ লগত অন্তৰ উজাৰি সকলো কথা আদান-প্ৰদান কৰিব পাৰি । 
২.তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা । 
উত্তৰ : 
গণ্য = ডাঙৰ বা শ্রেষ্ঠ বুলি মানিবৰ যোগ্য,লেখত ল'বলগীয়া।
গতানুগতিক = লোকৰ নিয়ম বা কাৰ্য মতে চলা । প্ৰচলিত নিয়মৰ অনুৱৰ্তী,নতুনত্বহীন । 
অস্ত্ৰোপচাৰ = ৰোগ চিকিৎসাৰ বাবে কৰা অস্ত্ৰৰ প্ৰয়োগ । 
বৰ্বৰ = অসভ্য,নীচ,দুষ্ট । 
পৰিত্যক্ত = এৰা,ত্যাগ কৰা । 
প্ৰবাদ = মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা । 
অধিগৃহীত = আইনৰ সহায়েৰে দখল কৰা । 
থিৰাং = নিশ্চিত,লৰচৰ নোহোৱা,ঠিক । 
উৎসৰ্গা = দান,কোনো বিশেষ ফলসিদ্ধিৰ উপলক্ষে কোনো নিৰ্দিষ্ট দেৱতা বা মানুহক কৰা দান,স্বাৰ্থ ত্যাগ ।
আড়ম্বৰ = জাক-জমকতা । 
প্ৰত্যাশিত = ভৰসা কৰি থকা,আশা কৰা । 
ভাবমূৰ্তি = চিন্তা ধাৰা,কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা । 
পুঞ্জীভূত = থূপ খাই থকা । 
শাম কটা = উপশম হোৱা,কম হোৱা । 
৩. 'কিটি' কোন ? 
উত্তৰ :  'কিটি' হ'ল এন্ ফ্ৰাঙ্কৰ কাল্পনিক বন্ধু । এন্ ফ্ৰাঙ্কে,তেওঁ লিখা ডায়েৰিখনক 'কিটি' নাম দি নামাকৰণ কৰিছিল । 
৪. এন্ ফ্ৰাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল ?
উত্তৰ : এন্ ফ্ৰাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অট'ফ্ৰাঙ্কে আগভাগ লৈছিল । 
৫. আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল ? 
উত্তৰ : আইতাকৰ স্মৃতিৰ বাবে এন্ ফ্ৰাঙ্কে এডাল মমবাতি জ্বলাইছিল । 
৬. পাঠটোত অধি,অনু,প্ৰতি --- এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা । 
উত্তৰ : অধি = অধিগৃহীত ।
অনু = অনুপ্ৰেৰণা,অনুবাদ,অনুপ্ৰাণিত,অনুষ্টুপীয়াকৈ । 
প্ৰতি = প্ৰতিবিম্ব । 
৭. তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা । 
উত্তৰ : স্থায়ী - অস্থায়ী । 
          প্ৰকাশ - অপ্ৰকাশ । 
          ভোগ - দুৰ্ভোগ । 
          স্মৃতি - বিস্মৃতি । 
          সমাপ্ত - আৰম্ভ । 
          আড়ম্বৰ - অনাড়ম্বৰ ।
          ভাগ্য - অভাগ্য । 
           ধৈৰ্য - অধৈৰ্য । 
৮. তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা । 
উত্তৰ : যন্ত্ৰণা = দুখ,কষ্ট । 
          কৰুণ = দুখ লগা,কাতৰ । 
          কিশোৰী = বালিকা । 
          মৃত্যু = মৰণ,দেহাৱসান ।
৯. তলৰ বাক্যবোৰ সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্রেণীবিভাজন কৰা। 
• মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল । 
উত্তৰ : যৌগিক বাক্য । 
• ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে । 
উত্তৰ : জটিল বাক্য । 
• বৰষুণ পৰিছে । 
উত্তৰ : সৰল বাক্য । 
• মই সদায় ভাত খাই স্কুললৈ যাওঁ। 
উত্তৰ : জটিল বাক্য । 
• একমাত্ৰ দেউতাকেই নাজীবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল । 
উত্তৰ : সৰল বাক্য । 
• এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল । 
উত্তৰ : সৰল বাক্য । 
• এইবাৰ পিছে তেওঁ 'মৰমৰ কিটি' বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত 'তোমাৰ,এন্' বুলি সমাপ্ত কৰিছিল। 
উত্তৰ : যৌগিক বাক্য ।
• জন্ম-দিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল । 
উত্তৰ : সৰল বাক্য । 
১০. তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা ( দুটা আৰু বহুতৰ মাজত ) 
• সোণ উজ্জ্বল । 
উত্তৰ : সোণ অন্য ধাতুতকৈ বেছি উজ্জ্বল । 
• মীনা মেধাৱী ।
উত্তৰ : মীনা অন্য ছাত্ৰীতকৈ বেছি মেধাৱী । 
• অৰুণ ওখ । 
উত্তৰ : অৰুণ অন্য ল'ৰাতকৈ বেছি ওখ । 
• জোনবাই ঘূৰণীয়া । 
উত্তৰ : জোনবাই অন্য উপগ্ৰহতকৈ বেছি ঘূৰণীয়া । 
• এই কিতাপখন ভাল । 
উত্তৰ : এই কিতাপখন অন্য কিতাপতকৈ বেছি ভাল । 
১১. বাক্য ৰচনা কৰা । 
উত্তৰ : অনতিপলমে = পুতেকৰ দুৰ্ঘটনা হোৱাৰ কথা গম পাই বাপেক অনতিপলমে  সেই ঠাইত উপস্থিত হ'ল । 
হাঁহি-ধেমালি = ল'ৰা-ছোৱালীবোৰে হাঁহি-ধেমালি কৰি খেলি আছে । 
ৰূপান্তৰিত = সভাখন পলকতে এখন যুদ্ধ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল । 
আত্মগোপন = অট'ফ্ৰাঙ্কে নিজৰ পৰিয়ালক নাজীবাহিনীৰ পৰা ৰক্ষা কৰিবলৈ এটা পণ্যাগাৰত আত্মগোপন কৰিছিল । 
চিঠি-পত্ৰ = চিঠি-পত্ৰ বিলোৱা মানুহক ডাকোৱাল বোলে । 
দুখ-যন্ত্ৰণা = এডলফ হিটলাৰে ইহুদীসকলক বহুতো দুখ-যন্ত্ৰণা দিছিল । 
বিশ্ববিখ্যাত = এন্ ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ববিখ্যাত গ্ৰন্থ । 

  __________________________




Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই