যুগমীয়া শৰাইঘাট

অষ্টম শ্রেণীৰ অংকুৰণ পাঠ্যপুথিৰ ২নং পাঠৰ প্ৰশ্নোত্তৰ । 
          যুগমীয়া শৰাইঘাট
১.উত্তৰ দিয়া । 
(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল ? 
উত্তৰ : অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ সামৰিক আছিল । 
(খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি ? 
উত্তৰ : বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক আৰু ঐতিহ্যিক । 
(গ) ৰামসিংহ কোন আছিল ? 
উত্তৰ : ৰামসিংহ ৰাজপুত ৰজা আৰু মোগলৰ সেনাপতি আছিল । 
(ঘ) তেওঁ কিয় অসমলৈ আহিছিল ? 
উত্তৰ : তেওঁ অসমলৈ অসম আক্ৰমণ কৰিবলৈ আহিছিল । 
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ? 
উত্তৰ : শৰাইঘাটৰ ৰণ মোগলৰ সেনাপতি ৰামসিংহ আৰু আহোমৰ সেনাপতি লাচিত বৰফুকনৰ মাজত হৈছিল ।
(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ? 
উত্তৰ : লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল । 
(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি ? 
উত্তৰ : মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা । 
(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল ? 
উত্তৰ : মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে আহোমৰ কটকী ৰামচৰণক লোৱা লগাই থৈছিল । 
(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ? 
উত্তৰ : ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত তেওঁৰ সৈন্যৰ সংখ্যা বুজাবলৈ গৈছিল । 
(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল ? 
উত্তৰ : লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল । 
২. পাঠত থকাৰ দৰে সংলাপবোৰ লিখা । 
(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল ?
উত্তৰ : কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কৈছিল যে ---"অসমীয়া ৰণুৱাসকল,মই যুঁজিহে মৰিম ।চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ,তাতে মোৰ শটো থ'বা,নাইবা মোক বঙালে ধৰি লৈ যাওক,তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা ।"
(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল ? 
উত্তৰ : অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল যে ----"ধন্য ৰজা,ধন্য মন্ত্ৰী,ধন্য সেনাপতি,ধন্য সেনা । অকল এজন মানুহে সকলো সৈন্য চলায়,ই কি আচৰিত । মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাঁও । 
(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল ? 
উত্তৰ : কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে -----"যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম,পাছত স্বৰ্গদেৱক জনাম ।" 
(ঘ) বৰ আই-কুৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল ? 
উত্তৰ : বৰ আই-কুৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক উপদেশ দিছিল যে -----"বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব । ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয় ।"
৩.বহলাই লিখা । 
(ক) যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা । 
উত্তৰ : যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু বেছি প্ৰয়োজন আছে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি,কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে প্ৰয়োজন হয়  উত্ৰাৱল অথচ নিশ্চিত অভিলাষৰ ।
(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা । 
উত্তৰ : এবাৰ শৰাইঘটীয়া সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাঁৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেঁওক নাচিবলৈ ক'লে । চাৰিওফালে মোগলৰ নাও,মাজতে কোৱামৃদ্ধা হাজৰিকাৰ নাও । তেতিয়া হাজৰিকাই ক'লে,"মই নাচিম । ঢোল-মৃদংগ-খঞ্জৰী নাই,তোমালোকে চাপৰি মাৰা ।"এইবুলি কোৱাৰ লগে লগে মোগল সৈন্যই নাৱৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে । হাজৰিকাই ছেগ দেখি নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়াৰ নাৱৰ পিনে টোঁৱাবলৈ । নাচোনৰ ছেও দেখি মোগলৰ সৈন্য মচগুল হ'ল । এই ছেগতে হাজৰিকাই নিজৰ নাওখন সাউৎকৰে আঁতৰাই লৈ গ'ল । মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ । এই কৌশলেৰেই কোৱামৃদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল ।
(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা । 
উত্তৰ : শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি,বিচক্ষণ সংগঠন,শৃংখলামূলক আয়োজন,সুদৃঢ় নিয়মানুৱৰ্তিতা,বিপদত ধৈৰ্য,সংকটত নিৰ্ভিকতা,আমূলে দুৰ্নীতি দমন,দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাটন । 
৪.তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে । বিচাৰি উলিয়াই লিখা । 
উত্তৰ : যুগ -- যুগমীয়া 
          অসম -- অসমীয়া      
           মাতাল -- মতলীয়া 
          যোগান -- যোগনীয়া 
         শৰাইঘাট -- শৰাইঘটীয়া 
        ইতিহাস -- ঐতিহাসিক 
         সমৰ -- সামৰিক 
        অৰ্থনীতি -- অৰ্থনৈতিক 
        ৰাজনীতি -- ৰাজনৈতিক 
        সমাজ -- সামাজিক । 
(ক)বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া । 
উত্তৰ : গাঁও -- গাঁৱলীয়া
           নগৰ -- নগৰীয়া 
           চহৰ -- চহৰীয়া 
          পাহাৰ -- পাহাৰীয়া 
          মিছা -- মিছলীয়া 
          ঘৰ -- ঘৰুৱা 
           ৰণ -- ৰণুৱা 
           বন -- বনুৱা 
           খক -- খকুৱা । 
(খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া । 
উত্তৰ : সৰল -- সৰলতা 
           নম্ৰ -- নম্ৰতা 
           ভদ্ৰ -- ভদ্ৰতা 
           সত্য -- সত্যতা 
          মিত্ৰ -- মিত্ৰতা 
          দুষ্ট -- দুষ্টালি 
          টেঙৰ -- টেঙৰালি 
           ধূৰ্ত -- ধূৰ্তালি
           ধিতিঙা -- ধিতিঙালি । 

  ------------------------------------------

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই