নিয়ৰ

অষ্টম শ্রেণীৰ অংকুৰণ পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ । 
                  নিয়ৰ
 

১.উত্তৰ দিয়া । 
 ক. মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে ? 
উত্তৰ : মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে । 
খ. নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে ?
উত্তৰ : নিয়ৰক কবিয়ে নিশাৰ তৰা,মুকুতা মণি,চকু পানী আদিৰ লগত তুলনা কৰিছে । 
গ. নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে ?
উত্তৰ : নিয়ৰে হিয়াত "নিজম আকাশৰ নিচুক কথাটি " সাঁচি থোৱাৰ কথা কৈছে । 
ঘ. ফুলনিত কি ছিগি ৰৈ গ'ল ?
উত্তৰ : ফুলনিত মণি ছিগি ৰৈ গ'ল ।
ঙ. কবিয়ে কি সৰি থকাৰ কথা কৈছে ? 
উত্তৰ : কবিয়ে নিশাৰ তৰা এটি সৰি থকাৰ কথা কৈছে । 
২.শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা । 
উত্তৰ : 
ফটিক------
 নিৰ্মল,স্বচ্ছ,এবিধ বৰ বগা নিমজ পাথৰ । 
শোভে--------
ৰহন চৰায় । 
হেঙুলি----------
হেঙুলৰ নিচিনা ৰঙা । 
নিজম--------- 
নিঃশব্দ,নিস্তব্ধ,নীৰৱ ।
নিচুক-------
কান্দোন এৰি শান্ত হ, মনে মনে থাক । 
৩. পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা । 
উদাহৰণ ------ ধোৱা----->যোৱা 
উত্তৰ : 
সাঁচি ----> নাচি । 
মণি -----> কণি । 
ভাহি -----> পাহি । 
৪.উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা । 
উত্তৰ : টোপনি - নিদ্ৰা ,
            বেলি - সূৰ্য ,
            পানী - জল ,
             ফুল - পুষ্প ,
             নিশা - ৰাতি , 
             সপোন - স্বপ্ন , 
             আকাশ - গগন ,
             চকু - নয়ন ।
৫.বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা । 
উত্তৰ : ছিগা - নিছিগা 
           পুৱা - সন্ধ্যা
           নিজম - হুলস্থূল 
            সৰগ - মৰত
            দিন - ৰাতি
            হাঁহি - কান্দোন ।
৬. বাক্য ৰচনা কৰা । 
 উত্তৰ : 
মুকুতা =চন্দ্ৰকুমাৰ আগৰৱালাই "কুৰি শতিকাৰ অসমীয়া কবিতা" নামৰ গ্ৰন্থখনত নিয়ৰক মুকুতা ৰ লগত তুলনা কৰিছে । 
পাহি =গোলাপ ফুলজোপাৰ পৰা পাহিবোৰ সৰি পৰিৱেশৰ সৌন্দৰ্য্য বঢ়াইছে । 
নিচুক = মাকে নিজৰ সন্তানক নিচুকাই আছে । 
ফুলজুপি = ৰামৰ ফুলনিত থকা আটাইবোৰ ফুলগছৰ ভিতৰত তাৰ সকলোতকৈ মৰমৰ ফুলজুপি হৈছে মালতী । 
ফটিক = মানুহে সদায় ফটিক পানী খাব লাগে । 
৭. এটা শব্দত প্ৰকাশ কৰা । 
উত্তৰ : 
(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে --- চকু চৰহা ।
(খ) একে মাকৰ সন্তান ---- সহোদৰ । 
(গ) যাৰ ঘৰ-বাৰী নাই --- অঘৰী ।
(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে ---- অবিবেচক ।
(ঙ) যি আগেয়ে হোৱা নাই ---- অভূতপূৰ্ব । 
৮.'নিয়ৰ' কবিতাটিত পোৱা তৰা,আকাশ,পানী,কথা,হিয়া,সপোন,চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা । 
উত্তৰ : 
তৰা-নৰা ছিঙি (বৰকৈ বেগাই,ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায় )----বিদ্যালয়লৈ যাবৰ বাবে পলম হোৱাত হৰিয়ে তৰা-নৰা ছিঙি গৈছে । 
আকাশত চাং পতা ( অস্বাভাৱিক কল্পনা কৰা ) ----- কামটো আৰম্ভ কৰাৰ আগতেই ধনে আকাশত চাং পাতিছে  । 
পানীৰ তলৰ কাঁইট ( নেদেখা বিপদ,অজ্ঞাত শত্ৰু )------ পানীৰ তলৰ কাঁইটত  কেতিয়া ভৰি পৰে কোনেও নাজানে । 
কথা চহকী ( বেছিকৈ কথা কোৱা লোক ) ----- প্ৰবীন এজন কথা চহকী  মানুহ । 
হিয়াৰ আমঠু ( অতি আদৰৰ ) ---- নৰেন মাক-দেউতাকৰ একমাত্ৰ সন্তান বাবে বৰ হিয়াৰ আমঠু ।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা )----চকু চৰহা  লোকক কোনেও ভাল নাপায় । 
৯. তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি,ভাঙি,ছিগি,ছিঙি বহুৱাই পূৰ কৰা । 
উত্তৰ : 
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ'ল । 
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে । 
(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিঙি থাকিল । 
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিগি থাকিল । 
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গ'ল ।
(চ) বানপানীয়ে মথাউৰিটো ভাঙি পেলালে । 
১০.  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
"নিজম আকাশৰ নিচুক কথাটি
         হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে 
          কোনে হাঁহিছিল নাচি । "
উত্তৰ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অংকুৰণ' ৰ 'নিয়ৰ' কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ লেখক চন্দ্ৰকুমাৰ আগৰৱালাদেৱ । 
      নিয়ৰ কবিতাটিৰ যোগেদি কবিয়ে মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলী পুৱাতে জিলিকি থাকিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক । ফটিক পানীত ধোৱা নিয়ৰৰ কণাবোৰে যেন নিজম আকাশৰ নিচুক কথাটিহে হিয়াত সাঁচি থৈছে ,কোনোবাই যেন সপোন দেখি আছে , বা কোনোবাই নাচি নাচি হাঁহিহে আছে । 
      এইদৰে কবিয়ে নিয়ৰৰ টোপালবিলাকক লৈ নানা কল্পনা কৰিছে । 

        ----------------------------

Popular posts from this blog

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

পৃথিৱীৰ মানুহ

ধৰ ঝাড়ু ধৰ ভাই